india post
মাত্ৰ ৫ হাজাৰ টকা বিনিয়োগ কৰি বৃহৎ উপাৰ্জন কৰিব পাৰিব ! ডাক বিভাগে সুবিধা প্ৰদান কৰিছে Indian post office giving franchise for business
People Like
Indian post office giving franchise for business
indian-post-office-giving-franchise-for-business
indian post office giving franchise for business
মাত্ৰ ৫ হাজাৰ টকা বিনিয়োগ কৰিলে মাহৰ শেষত আপুনি বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰিব। ভাৰতীয় ডাক বিভাগে এনেধৰণৰ ব্যৱসায়িক সুবিধা আগবঢ়াইছে। এই সন্দৰ্ভত ইতিমধ্যে এক অধিসূচনা জাৰি কৰা হৈছে। কি ব্যৱসায়? কেনেকৈ কৰিব? জানি লওঁ।
ডাকঘৰে এই ফ্ৰেঞ্চাইজি(franchise) ঘোষণা কৰিছে। এই ফ্ৰেঞ্চাইজিৰ(franchise) সহায়ত আপুনি স্বতন্ত্ৰভাৱে নিজৰ ব্যৱসায় চলাব পাৰিব। বৰ্তমান সমগ্ৰ দেশতে ১ লাখ ৫৫ হাজাৰ ডাকঘৰ শাখা আছে। ভাৰতীয় ডাক বিভাগে ৰাইজক অধিক সেৱা আগবঢ়াবলৈ ফ্ৰেঞ্চাইজি দিয়াৰ সিদ্ধান্ত লৈছে। বৰ্তমান ডাকঘৰে দুবিধ ফ্ৰেঞ্চাইজি আগবঢ়াইছে। এটা আউটলেট ফ্ৰেঞ্চাইজি আৰু আনটো ডাক এজেণ্ট ফ্ৰেঞ্চাইজি। ডাকঘৰটো দুয়োটাৰে যিকোনো এটাৰ সৈতে জড়িত কৰিব পাৰে।
ফ্ৰেঞ্চাইজি(franchise)ৰ অধীনত এজেণ্টসকলে চহৰ আৰু গ্ৰামাঞ্চলত ডাকটিকট আৰু বিভিন্ন ষ্টেচনাৰী সামগ্ৰী বিতৰণ কৰে। ডাকঘৰে ফ্ৰেঞ্চাইজিৰ কামৰ বাবে কমিছনৰ ব্যৱস্থা কৰে। জানিব পৰা মতে এই কমিছনৰ পৰিমাণ কেতিয়াবা মাহে ৫০ হাজাৰ টকা পৰ্যন্ত হ’ব পাৰে।
ডাকঘৰৰ ফ্ৰেঞ্চাইজি(franchise) কেনেকৈ পাব?
ডাকঘৰৰ ফ্ৰেঞ্চাইজি(franchise)ৰ বাবে আবেদন কৰিবলৈ আবেদনকাৰীৰ কমেও ২০০ বৰ্গফুটৰ দোকান থাকিব লাগিব। একে সময়তে নিৰাপত্তাৰ বাবে ৫ হাজাৰ টকা ডাকঘৰত জমা কৰিব লাগিব। আবেদনকাৰীৰ বয়স ১৮ বছৰৰ ওপৰৰ হ’ব লাগিব। যদি আবেদনকাৰীৰ পৰিয়ালৰ কোনো সদস্যই ডাকঘৰত কাম কৰে তেন্তে তেওঁৰ আবেদন গ্ৰহণ কৰা নহ’ব।
https://www.indiapost.gov.in/VAS/DOP_PDFFiles/Franchise.pdf ডাকঘৰৰ এই অফিচিয়েল ৱেবছাইটটো চালে আগ্ৰহী ব্যক্তিসকলে ফ্ৰেঞ্চাইজি লোৱাৰ বিষয়ে অধিক বতথ্য লাভ কৰিব পাৰিব।
Comments
Post a Comment